Daily Time Axom

ভাৰতীয় বায়ুসেনাৰ অন্যতম শক্তি ৰাফেল বিমান ৷

0 86

চলিত মাহৰ শেষৰ ফালে ভাৰতে লাভ কৰিব শক্তিশালী ৰাফেল বিমান । সূত্ৰ অনুসৰি প্ৰথম পৰ্য্যায়ত ভাৰতে ফ্ৰান্সৰ ডেচল্ট এভিয়েচনৰ পৰা ৬ খন ৰাফেল জেট লাভ কৰিব আৰু সেই জেটকেইখন হাৰিয়ানাস্থিত আম্বালা বিমান ঘাটিত নিয়োজিত কৰা হব । উল্লেখ্যযোগ্য, বহুপ্ৰতীক্ষিত এই ৰাফেলৰ আছে বিশেষ ক্ষমতা । ৰাফেলৰ ৰাডাৰে 200 কি:মি ব্যাসাৰ্ধত একেলগে শত্ৰুৰ ৪০ টা লক্ষ্যত চকু ৰাখিব পৰাৰ লগতে ইয়াত আছে শক্তিশালী এয়াৰ টু এয়াৰ মিটিয়ৰ মিছাইল, যিয়ে ১০০ কি:মি ব্যাসাৰ্ধত শত্ৰুৰ বিমানকো ধ্বংস কৰিব ৷ ৰাফেলত আছে ষ্টৰ্মছেডৰ ষ্কেল্প এয়াৰ টু গ্ৰাউণ্ড মিছাইল যি ৫০০ কি:মি ব্যাসাৰ্ধত ধুলিসাৎ কৰি দিব শত্ৰু পক্ষৰ বাংকাৰ। তথ্য মতে ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত ভাৰত আৰু ফ্ৰান্সৰ মাজত হোৱা প্ৰতিৰক্ষা চুক্তি মতে ডেচল্ট এভিয়েচনে ভাৰতক মুঠ ৩৬ খন ৰাফেল বিমান দিব ভাৰতীয় বায়ুসেনাক আৰু ২০২২ চনৰ ভিতৰত ভাৰতে পৰ্য্যায়ক্ৰমে আটাইকেইখন ৰাফেলজেট লাভ কৰিব। ইয়াৰে কিছু সংখ্যক বিমান অৰ্থাৎ দ্বিতীয়টো স্কোৱাড্ৰন নিয়োজিত হব পশ্চিম বংগৰ হাছিমাৰা বিমান ঘাটিত ।

Leave A Reply

Your email address will not be published.