Daily Time Axom

ইউৰোপীয় ফুটবল ক্লাব আৰ্ছেনালৰ অসমৰ বানপীড়িতলৈ সহায়ৰ হাত ।।

0 16

বৰ্তমান ভৰ বাৰিষাত অসমৰ ৰাইজে জীয়াতু ভুগিছে,এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বিশেষ এটা গুৰুত্ব দিয়া নাই যদিও সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৃথিৱী বিখ্যাত ফুটবল ক্লাব আৰ্ছেনালে তেওঁ লোকৰ ইন্ষ্টাগ্ৰাম একাউণ্টত অসমৰ বানপীড়িতৰ কথা উল্লেখ কৰিছে। উল্লেখ্য যে ৩০ছেকেণ্ডৰ এই ইংৰাজী আৰু অসমীয়াৰ এই ভিডিঅটোত ইউকে ৰ এই ফুটবল ক্লাব টোৱে বানপীড়িত সকলৰ প্ৰতি গভীৰ সহানুভূতি প্ৰকাশ কৰে।। বিপদৰ সময়ত ক্লাবটোৰ এই মহানুভৱতাই অসমত থকা প্ৰতিজন অনুৰাগীৰেই হয়তো অন্তৰ চুই গৈছে।। অসমৰ এগৰাকী স্বনামধন্য ৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিনেতা আদিল হুছেইনে আৰ্ছেনাল এই বাতৰিৰ আতধৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম, আৰু ক্ৰিকেটৰ সকলক অসমৰ বানপীড়িতৰ প্ৰতি উদাসীনতাৰ কৰাণে তেওঁৰ টুইটাৰত দুখ প্ৰকাশ কৰিছে।।

Leave A Reply

Your email address will not be published.