দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লাডাখ ভ্ৰমণ।।।
বিগত কেইমাহমানত ভাৰত চীনৰ মাজত LAC লাইন অৱ এক্সোৱেল কণ্ট্ৰলত তীব্ৰ সংঘাতৰ মাজতে দেশৰ ৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে দুদিনীয়া কাৰ্যসূচীৰে চীন আৰু পাকিস্তানৰ শেষতীয়া পৰিস্থিতিৰ বুজ লয়।। উল্লেখ্য যে শুক্ৰবাৰে পুৱা লাডাখত উপস্থিত হোৱা ৰক্ষামন্ত্ৰীৰ এই ভ্ৰমণত সংগ দিয়ে চিফ অৱ ডিফেঞ্চ ষ্টাফৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱট আৰু আৰ্মি চীফ এম এম নাৰায়নে। ভ্ৰমণ সূচী অনুযায়ী মন্ত্ৰীজনে ভাৰতীয় সেনাৰ লগত পোনপতীয়াকৈ ভাৱ বিনিময়ৰ লগতে, তেওঁ লোকৰ সমৰ প্ৰস্তুতিৰ বুজ লৈ, সেনাৰ মনোরলো বৃদ্ধি কৰে।। ইতিমধ্যে ৰাজনাথ সিঙৰ লাডাখ ভ্ৰমণৰ এখন বিশেষ ফটোৱে দেশৰ সংবাদ মহলত বিশেষ চৰ্চা লাভ কৰিছে।। তেওঁৰ কাষত ৰৈ থকা এজন জোৱানে লৈ আছে এটা লঙ ৰেঞ্জ ৩৩৮লাপোৱা মেগনাম স্নাইপাৰ ৰাইফল, এই দীৰ্ঘ দূৰত্বভেদী ৰাইফল পৃথিৱীৰ সৰ্বোত্তম কাৰণ ইয়াৰ বুলেটে অনায়েস ১৫০০ দুৰত্বত থকা শত্ৰু ক আঘাত কৰিব পাৰে। ইয়াৰোপৰি এই অনুষ্ঠানত দেখা গল এজন গৰূড় কামাণ্ডো ৱে পিন্ধি থকা আমেৰিকাত নিৰ্মিত এক্স ফিল হাই কাট বেলিষ্টিক হেলমেট যি অতি কম দুৰত্বৰ পৰা আহা একে ৪৭ ৰ বুলেটো ৰুধিব পাৰে।। উল্লেখ্য যে ভাৰতীয় সেনাই বৰ্তমান পৰিস্থিতিলৈ চায় আৰু বহুতো আত্যাধুনিক অস্ত্ৰ বিদেশৰ পৰা আমদানি কৰে।।