Daily Time Axom

দেশবাসীয়ে এতিয়াৰ পৰা দিব লাগিব সোণৰ হিচাপ আহি আছে মোদী চৰকাৰৰ নতুন আঁচনি

0 14

দেশৰ বিত্ত মন্ত্ৰালয়ে অৰ্থনৈতিক অপৰাধ ৰোধ কৰিবলৈ এমনেষ্টী প্ৰগ্ৰাম বুলি এক নতুন আঁচনি গ্ৰহণ কৰিছে। যি আঁচনিমতে এতিয়াৰ পৰা কোনো লোকে ঘৰত বেআইনীভাৱে সোণ (illegal Gold) ৰাখিব নোৱাৰিব। দেশত টেক্সফাঁকিৰ (Tax Evasion) ওপৰত নিয়ন্ত্ৰণ আৰু আমদানীৰ ওপৰত নিভৰ্ৰশীলতা হ্ৰাসৰ বাবে এমনেষ্টী প্ৰগ্ৰামৰ এই পদক্ষেপ। উল্লেখ্য যে কিছুদিন আগতে এটা বিজনেচ নিউজ ৱেবচাইটত এই তথ্য সবিস্তাৰে প্ৰকাশ পাইছে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰেমোদীৰ আগত তুলি ধৰা প্ৰস্তাৱ অনুসৰি ৰাইজক আহ্বান জনোৱা হৈছে যাতে অবৈধভাৱে মজুত কৰি ৰখা সোণৰ তথ্য আয়কৰ বিভাগক দিয়ে। ইয়াৰ বিপৰীতে তেওঁলোকে চৰকাৰক অতিৰিক্ত সোণৰ বাবদ লেভি বা পেনাল্টী দিব লাগিব যদিও চৰকাৰৰ এই আঁচনি বৰ্তমান প্ৰাৰম্ভিক পৰ্যায়তে আছে।

Leave A Reply

Your email address will not be published.