Daily Time Axom

বক্সাৰ লাভলীনালৈ কি কি আগবঢ়ালে কৃষিমন্ত্ৰীয়ে ?

0 19

মহামাৰী কৰোনাৰ বাবে দেশত বলবৎ কৰা লকডাউনৰ ফলত গোলাঘাট জিলাৰ বৰপথাৰ বাৰমুখীয়াস্থিত বাসগৃহতে সময় কটাইছে বিশ্বৰ আগশাৰীৰ বক্সাৰ লাভলীনা বৰগোঁহায়ে ৷ ঘৰতে থাকি প্ৰশিক্ষণৰ সমান্তৰালভাৱে কৃষি কাৰ্যৰ সৈতে জড়িত হৈ পৰিয়ালক সহায় কৰি লাভলীনা বৰগোহাঁয়ে নৱপ্ৰজন্মক কৰ্ম-সংস্কৃতিৰ আদৰ্শ দেখুৱাইছে ৷ সোমবাৰে লাভলীনাৰ বাসগৃহত উপস্থিত হৈ কৃষিমন্ত্ৰী অতুল বৰাই লাভলীনা আৰু পৰিয়ালৰ লোকৰ সৈতে কথা বতৰা পাতে ৷ ইফালে
প্ৰশিক্ষণৰ সমানেই কৃষি কাৰ্যৰ প্ৰতি আত্মনিয়োগ কৰা লাভলীনা বৰগোহাঁইক উৎসাহিত কৰিবলৈ উদ্যান শস্য বিভাগৰ বিষয়াক এটা সেউজ গৃহ, এটা পালভেৰাইজাৰ আৰু এখন নাৰ্ছাৰী স্থাপন কৰি দিয়াৰ নিৰ্দেশ দিয়ে মন্ত্ৰীজনে ৷

Leave A Reply

Your email address will not be published.