এতিয়াৰ পৰা নিৰ্মাণ কৰিব নোৱাৰিব সেনা বিষয়ক ছবি ৷
শেহতীয়াকৈ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰাণালয়ে চি বি এফ চি অৰ্থাৎ চেন্ট্ৰল ব’ৰ্ড অৱ ফ্লিম চাৰ্টিফিকেচনলৈ এক পত্ৰ প্ৰেৰণ কৰিছে ৷ যি পত্ৰ মতে এতিয়াৰ পৰা ভাৰতীয় সেনাক লৈ অনুমতি অবিহনে কোনোধৰণৰ ছবি নিৰ্মাণ কৰিব নোৱাৰিব ৷ এই ক্ষেত্ৰত অকল চিনেমাই নহয় সেনাৰ ওপৰত নিৰ্মাণ কৰা ধাৰাবাহিক আৰু ৱেব চিৰিজসমূহৰ ওপৰতো একে নিয়ম প্ৰযোজ্য হব৷ কিছুদিন আগতে সেনাৰ ওপৰত নিৰ্মাণ কৰা এখন ৱেব চিৰিজত ভাৰতীয় সেনাক অপমাণ আৰু তুচ্ছ-তাচিল্য কৰা হৈছিল সেইবাবে সেনাৰ মান সানি সম্পৰ্কীয় কোনো দৃশ্য বা তথ্য ব্যৱহাৰ কৰা নহয় তাৰবাবেও মন্ত্ৰাণালয়ে স্পষ্টকৈ উল্লেখ কৰিছে৷ ভাৰতীয় সেনাৰ বীৰত্ব আৰু দেশ প্ৰেমৰ ওপৰত নিৰ্মাণ কৰা ছবি সমূহে বানিজ্যিকভাৱে সফলো হোৱা দেখা গৈছে। মূলত সীমান্তৰ অশান্ত পৰিস্থিতি বা কাশ্মীৰ সম্পৰ্কীয় বিষয়বস্তু লৈ এনে ছবি সমূহ নিৰ্মাণ কৰা হৈছিল, কিন্তু এতিয়াৰ পৰা প্ৰতিৰক্ষা সম্পৰ্কীয় ছবি নিৰ্মাণত বাধ্য বাধকতা আহি পৰিব৷