লেবাননৰ ৰাজধানী বেইৰুতত মঙলবাৰে এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। এই বিস্ফোৰণৰ ফলত ১০০ জনৰো অধিক লোকৰ মৃত্যু লগতে ১০০০ ৰো অধিক আহত হৈছে। । ২৭৫০ কিলোগ্ৰাম এমনিয়াম নাইট্ৰেট থকা এটা কাৰখানাত হোৱা অগ্নিকাণ্ডৰ ফলতেই এই ভয়ংকৰ বিস্ফোৰণ সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে । বেইৰুটৰ উপকুলবৰ্তী অঞ্চলত হোৱা এই বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে নিমিষতে বিধস্ত হৈ যায় এক বিস্তীৰ্ণ অঞ্চল। বহুতে এই বিস্ফোৰণৰ প্ৰাৱল্যক কোনো এক পাৰমাণৱিক বিস্ফোৰণ বুলি সন্দেহ কৰিছিল। কালি হোৱা বিস্ফোৰণৰ তদন্ত বৰ্তমান অব্যাহত ৰাখিছে লেবাননৰ নিৰাপত্তা সংস্থাই।