পূৰ্বতকৈ পৃথক হব এইবাৰৰ স্বাধীনতা দিৱস।

এইবাৰ ১৫ আগষ্টৰ দিনটো পূৰ্বতকৈ পৃথক ভাৱে পালন কৰা হব। কভিড-১৯ৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ কাৰণে পূৰ্বতকৈ পৃথকভাৱে পালন কৰা হ’ব। এই ক্ষেত্ৰত ৰাজ্যিক, জিলা আৰু মহকুমা পৰ্যায়ত স্বাধীনতা দিৱস পালন কৰাৰ বাবে কিছু নীতি নিৰ্দেশনা বান্ধি দিয়া হৈছে।

স্বাধীনতা দিৱসৰ কাৰ্যসূচী পালনৰ সময়ত জনসমাগমৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে। এই বৰ্ষত বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষাৰ্থী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী (এনচিচি) আৰু স্কাউড গাইডে অংশ লব নোৱাৰিব।

স্বাধীনতা দিৱসৰ অনুষ্ঠানত অংশ গ্ৰহণকাৰীয়ে সামাজিক ব্যৱধান ৰক্ষা কৰাৰ লগতে কভিড প্ৰট’কল মানি চলাটে বাধ্য়তামূলক। এনেদৰেই কঠোৰ নীতি-নিয়মৰ মাজেৰে দেশবাসীয়ে পালন কৰিব লাগিব এইবৰ্ষৰ স্বাধীনতা দিৱস। আনহাতে খানাপাৰা পশু চিকিৎসা খেলপথাৰৰ পৰিৱৰ্তে জজ ফিল্ডত এইবাৰ স্বাধীনতা দিৱস উদযাপন কৰা হব। খানাপাৰাত কৰোনা চিকিৎসালয় থকাৰ বাবে উক্ত কাৰ্যসূচী অনুষ্টুপীয়াকৈ জজ ফিল্ডত অনুষ্ঠিত হব।

Comments (0)
Add Comment