Daily Time Axom

এক নিবিড় সৰ্ম্পক,ৰাম মন্দিৰ আৰু অসম

0 12

ৰাম মন্দিৰ আৰু অসমৰ এক নিবিড় সম্পৰ্ক আছে । বৰ্তমান অযোধ্যাত পূৰ্ণ গতিত চলি থকা ৰাম মন্দিৰ নিৰ্মাণ কাৰ্যত আৰম্ভণিৰে পৰাই কাম কৰি আহিছে দিল্লী নিবাসী এজন অসমীয়াই, নাম ৰঞ্জিত কুমাৰ মণ্ডল।। পেছাত এজন ভাস্কৰ্য্য শিল্পী ৰঞ্জিত মণ্ডলৰ হাতত প্ৰাণ পাই উঠিছে ৰামচন্দ্ৰৰ সম্পূৰ্ণ জীৱন পৰিক্ৰমা। ৰামচন্দ্ৰৰ পূত্ৰাৰ্থী যজ্ঞৰ পৰা সীতা হৰণলৈকে বহু ঘটনাই প্ৰাণৱন্ত হৈ উঠিছে শিল্পী জনৰ হাতৰ পৰশত।। আজন্ম শিল্পী জনৰ কৰ্মৰ গতি শেষতীয়া মহামাৰীৰ লকডাউনেও স্তব্ধ কৰিব পৰা নাই।। লকডাউনৰ মাজতেই তেওঁ সম্পূৰ্ণ কৰি উলিয়ালে সীতা হৰণৰ ঘটনাৱলী।। অৱশ্যে তেওঁৰ এই মূৰ্তি নিৰ্মাণত পিতৄ নাৰায়ণ মণ্ডলেও তেওঁক সহায় কৰি আহিছে।। এই মহান কৰ্ম ৰাজীৰ জড়িয়তে জিলিকি উঠা শিলচৰৰ শিল্পী ৰঞ্জিত মণ্ডল অসমৰ লগতে দেশৰো গৌৰৱ।

Leave A Reply

Your email address will not be published.