পুনৰবাৰ আন্তৰ্জাতিক ক্ষেত্ৰত সন্মান বুটলিবলৈ সক্ষম হৈছে নগাঁও জিলাৰ চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা। প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ তথা সজাগতা সৃষ্টিৰ প্ৰচেষ্টাৰে বিশ্বৰ প্ৰায় ১৯২খন দেশৰ প্ৰতিনিধিৰে ১৯৭০ চনত গঠিত আন্তৰ্জাতিক স্বেচ্ছাসেৱী সংস্থা “আৰ্থ ডেই নেটৱৰ্ক”-এ প্ৰকৃতপ্ৰেমী যুৱক বিনোদ দুলু বৰালৈ আগবঢ়াইছে চলিত বৰ্ষৰ “আৰ্থ ডেই নেটৱৰ্ক ষ্টাৰ” শীৰ্ষক সন্মান। চলিত বৰ্ষৰ বাবে সমগ্ৰ ভাৰতৰ ভিতৰতে অন্যতম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত একমাত্ৰ বিনোদ দুলু বৰায়ে লাভ কৰিবলৈ সক্ষম হৈছে এই বিশেষ আন্তৰ্জাতিক সন্মানটি। বিনোদ দুলু বৰাই বিগত বহু বছৰধৰি প্ৰকৃতি সংৰক্ষণ, হস্তী-মানুহৰ সংঘাত ৰোধৰ অহৰহ প্ৰচেষ্টা কৰা তথা বহু সৰুৰে পৰা বন্যপ্ৰাণী উদ্ধাৰ আৰু সুৰক্ষা প্ৰদান লগত জড়িতহৈ কৰা জীৱনজোৰা সাধনাৰ ওপৰত ভিত্তি কৰি সংস্থাটোৱে প্ৰদান কৰিছে সেই বিশেষ সন্মানটি। উল্লেখযোগ্য যে, “গ্ৰীণ গাৰ্ড নেশ্চাৰ অৰ্গেনাইজেছন”-ৰ এজন বিশেষ সদস্য হিচাপে ২০১২ চনত “চেঞ্চুৰী এচিয়া”-এ “টাইগাৰ ডিফেণ্ডাৰ”, ২০১৪ চনত “চেঞ্চুৰী নেশ্চাৰ ফাউণ্ডেশ্যন”-এ “ৱাইল্ড লাইফ চাৰ্ভিচ এৱাৰ্ড” আৰু শেহতীয়াকৈ হস্তী-মানুহৰ সংঘাত ৰোধৰ বাবে “হাতীবন্ধু” নামৰ আন এটি স্বেচ্ছাসেৱী সংস্থাৰ এজন সক্ৰিয় সদস্য হিচাপে নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্ত্তী হাতীখুলি ৰংহাং গাঁৱত হাতীৰ খাদ্যৰ বাবে কৰা ধান খেতিৰ কৃষিকাৰ্য্যৰ সামগ্ৰিক পৰিকল্পনা কৰাৰ বাবে ২০১৯ চনত “মুখ্যমন্ত্ৰীৰ শ্ৰেষ্ঠ সামুহিক কৰ্ম বঁটা” ইতিমধ্যেই লাভ কৰিবলৈ সক্ষম হৈছে প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাই । ।