ৰামমন্দিৰৰ ভূমি পূজনৰ সময়ত আছাদুদ্দিন অৱেছীৰ বিতৰ্কিত মন্তব্য।
দেশত ৰাম মন্দিৰৰ ভূমি পূজনৰ পাছতেই অল ইণ্ডিয়া ইত্তাহাদুল মুছলিমিনৰ অধক্ষ্য আছাদুদ্দিন অৱেছীৰ এক টুইটাৰ পষ্ট এ দেশ তোলপাৰ লগাইছে।ৰাম মন্দিৰৰ ভূমিপূজনৰ প্ৰাক মুহূৰ্তত হাইদৰাবাদৰ সাংসদ জনে কৰা এই টুইটত প্ৰধানমন্ত্ৰী মোদীক তীব্ৰ সমালোচনা কৰা দেখা গৈছে।। তেওঁ প্ৰধানমন্ত্ৰী মোদীক ৰাম মন্দিৰৰ ভূমি পূজনত উপষ্ঠিত থকাটো “সংবিধান বিৰুদ্ধ” বুলি উল্লেখ কৰিছে।।তাৰ পৰৱৰ্তী সময়ত অৱেছীৰ টুইটাৰত তেওঁ লিখিছে যে”হেচটেগ বাবৰি মছজিদ জিন্দ্যা হে” আৰু লিখি শ্বেয়াৰ কৰে সেই বিশেষ পষ্টটো।। অৱশ্যে অৱেছীৰ এই টুইটাৰ পষ্টটোৰ পাছতেই দেশত বিশেষ প্ৰতিক্ৰিয়াৰ লগতে সমালোচিত হৈছে সংসদ জন।। একাংশ লোকে লিখিছে যে অৱেছীয়ে উচ্চতম ন্যায়ালয়ৰ ৰায়ক সন্মান কৰা নাই আন সম্প্ৰদায়ৰ লোক সকলৰ অধিকাৰত হস্তক্ষেপ আৰু অসন্মান কৰা বুলি মন্তব্য কৰিছে।