Daily Time Axom

লাডাখত এইবাৰ উৰিল স্বদেশী লাইট কম্বেট হেলিকপ্টাৰ।

0 30

ভাৰত চীন সীমান্তত পহৰাৰ কাৰেণে সেনাই কিছুদিন আগতে আমেৰিকাৰ পৰা অনা আপ্পচে হেলিকপ্টাৰৰ এটা স্কোৱাড্ৰন নিয়োজিত কৰিছিল। যিহেতু বিশ্বৰ সকলোতকৈ উচ্চতম সমৰ ক্ষেত্ৰ হল লাডাখ আৰু এই কঠিন আৰু প্ৰতিকূল পৰিবেশত এই বাৰ কায্যৰ্ক্ষমতা পৰীক্ষা কৰা হয় ভাৰতীয় স্বদেশী লাইট কম্বেট হেলিকপ্টাৰৰ।প্ৰাপ্ত খবৰ অনুসৰি ৭ আগষ্ট শুকুৰবাৰে ভাৰতীয় বায়ুসেনাৰ ভাইচ চীফ এয়াৰ মাৰ্ছাল হৰজিত সিং অৰোৰাই লেহৰ পৰা উৰা মাৰে এই হেলিকপ্টাৰত। এই উৰণ কালত লাইট কম্বেট হেলিকপ্টাৰে খাৰডোংলা, ছাঁংলা আদি পাহাৰীয়া অঞ্চলত যুদ্ধৰ আখৰা চলায়। উল্লেখ্যযোগ্য যে দুজন পাইলট বহিব পৰা টেনডম ককপিটৰ এই হেলিকপ্টাৰ খনত প্ৰথম জন পাইলট আৰু পিছৰ জন নেভিগেটৰৰ লগতে ৱেপনচিষ্টেম অপাৰেটৰ। হিণ্ডোষ্টান এৰোনটিক্স লিমিটেড HAL বেংগালুৰুত নিৰ্মাণ কৰি উলিয়াওৱা এই হেলিকপ্টাৰে বিশেষ চৰ্চা লাভ কৰিছে কাৰণ লাডাখৰ দৰে প্ৰতিকূল পৰিস্থিতিৰ মাজতো ই কায্যৰ্ক্ষম। সেই বাবে ভাৰতে চীনৰ সৈতে লাগি থকা সীমান্তৰ ফৰৱাৰ্ড বেছ সমূহত আপ্পাচেৰ লগতে এই লাইট কম্বেট হেলিকপ্টাৰো মোতায়েন কৰাৰ চিন্তা কৰিছে। ভাৰতে নিজৰ প্ৰতিৰক্ষা ক্ষেত্ৰ খনত স্বাৱলম্বী হোৱাৰ বাবে ই নিচ্চিত ভাৱে ভাল খৱৰ। ভাৰতীয় বায়ুসেনাৰ লগতে সেনায়ো সৰহ সংখ্যক লাইট কম্বেট হেলিকপ্টাৰ তেওঁ লোকৰ লগত চামিল কৰাৰ পোষকতা কৰিছে।

Leave A Reply

Your email address will not be published.