গছ উভলাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি লজ্জানত পাকিস্তান।

অলপতে environmentalist এৰিক ছুলহেমৰ টুইটাৰ একাউণ্টত প’ষ্ট হোৱা এটা ভিডিঅ’য়ে সমগ্ৰ বিশ্বতে তোলপাৰ লগাইছে।এই ভিদিঅ’টোৰ উৎস হ’ল সততে বিতৰ্কত থকা পাকিস্তান। দেওবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমাৰান খানে দেশত এলানী বৃক্ষৰোপণ কাৰ্যসুচী অনুষ্ঠিত কৰে।এই অনুষ্ঠানটোৰ পিছতেই একাংশ লোকে সেই গছ সমুহ উভালি পেলাই থকা দেখা যায়।কাৰণ তেওঁলোকৰ মতে এই বৃক্ষৰোপণ কাৰ্য ইছলামৰ পৰিপন্থী। আৰু এৰিক ছুলহেমৰ টুইটাৰ পষ্ট’ৰ পিছতেই এই ভিদিঅ’টো সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰে। পাকিস্তানৰ এই কাণ্ডজ্ঞানহীন কাৰ্যক সমগ্ৰ বিশ্বৰ লোকেই গৰিহণা দিছে।

ডিজিটেল ডেস্ক

Comments (0)
Add Comment