তৈলনগৰী দুলীয়াজানত কেইবাশতাধিকৰ কংগ্ৰেছত যোগদান

বুধবাৰে তৈলনগৰী দুলীয়াজানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, এতোৱা মুণ্ডা ,পৃথ্বি মাঝিৰ উপস্থিতিত আটছা, আছা আৰু অসম গণ পৰিষদৰ দুলীয়াজান আঞ্চলিকৰ সম্পাদককে ধৰি প্ৰায় তিনি শতাধিক লোকে কংগ্ৰেছ দলত যোগদান কৰে। বুধবাৰে দুলীয়াজানৰ কছাৰীপথাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত টেঙাখাট ব্লক কংগ্ৰেছৰ উদ্যোগত দুলীয়াজান যুৱ কংগ্ৰেছ আৰু NSUI ৰ সহযোগত কৰোণা ভাইৰাছৰ বিৰুদ্ধে সজাগতা সভাৰ লগতে যোগদান সমাৰোহত এই সকলে আনুষ্ঠানিক ভাৱে জাতীয় কংগ্ৰেছ দলত যোগদান কৰে

Comments (0)
Add Comment