Daily Time Axom

আমেৰিকাত শিক্ষানুষ্ঠানসমূহ খোলাৰ পিছতে, পুনৰ কৰোনাত আক্ৰান্ত ছাত্ৰ-ছাত্ৰী।

0 9

সমগ্ৰ বিশ্বজুৰি হোৱা কৰোনা সংক্ৰমণৰ বাবে বন্ধ হৈ আছিল সকলো শিক্ষানুষ্ঠান । কেইবামাহযোৰা বন্ধৰ পিছত বৰ্তমান কোনো কোনো ঠাইত বিদ্যালয় সমুহ খোলাৰ অনুমতি দিয়া হয়। কিন্তু বিদ্যালয়সমুহ খোলাৰ এটা সপ্তাহৰ ভিতৰতে ক’ভিডত আক্ৰান্ত হয় শ শ ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়ত্ৰী। ক’ভিড সংক্ৰমণে আটাইতকৈ ভয়াবহ ৰূপ লোৱা আমেৰিকাত সংঘটিত হয় এই ঘটনা। আমেৰিকাত শিক্ষানুষ্ঠান সমুহ মুকলি কৰি দিয়াৰ পিছতেই পুনৰ আৰম্ভ হৈছে ক’ভিড সংক্ৰমণ। বিদ্যালয় খোলাৰ এসপ্তাহৰ ভিতৰতে আমেৰিকাৰ জৰ্জিয়াত আক্ৰান্ত হয় প্ৰায় ২৫০ ৰো অধিক ছাত্ৰ ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী।ক’ভিড আক্ৰান্ত শিক্ষানুষ্ঠান সমুহত আছে প্ৰায় ৪২,২০০ ছাত্ৰ ছাত্ৰী আৰু ‌৪৮০০ শিক্ষক শিক্ষয়িত্ৰী। সেয়ে বৰ্তমান প্ৰত্যেকদিনাই ছাত্ৰ-ছাত্ৰী‌ আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলক ক’ভিড পৰিক্ষা কৰা হ’ব বুলি শিক্ষানুষ্ঠান সমুহে এক বিশেষ সিদ্ধান্ত গ্ৰহন কৰিছে।

Leave A Reply

Your email address will not be published.