Daily Time Axom

কেঞ্চাৰত আক্ৰান্ত বলিউডৰ চুপাৰ ষ্টাৰ সঞ্জয় দত্ত

0 9

বলিউডৰ চুপাৰ ষ্টাৰ সঞ্জয় দত্ত আক্ৰান্ত হৈছে দুৰাৰোগ্য ৰোগ কেঞ্চাৰত। এক ৰিপ’ৰ্ট অনুসৰি দীৰ্ঘদিন ধৰি চিকিৎসা লাভ কৰাৰ অন্তত তেওঁ মুম্বাইৰ লীলাৱতী হাস্পতালৰ পৰা দিচাৰ্জ হৈ খুব কম সময়ৰ ভিতৰতে উন্নত চিকিৎসাৰ বাবে আমেৰিকালৈ যাব।অলপতে সঞ্জয় দত্তই টুইটাৰত তেওঁৰ অনুৰাগী সকলক উদেশ্য কৰি লিখিছে যে তেওঁ কিছুদিন কৰ্মৰ পৰা বিৰতি থাকিব, কাৰণ তেওঁৰ চিকিৎসা চলি আছে। তেওঁৰ পৰিবাৰ আৰু বন্ধুবৰ্গ তেওঁৰ লগতেই আছে। অভিনেতাজনে অনুৰাগী সকলক হতাশ নহ’বলৈ আহ্বান জনাইছে।খুব কম সময়ৰ ভিতৰতে তেওঁ পুনৰ অনুৰাগী সকলৰ মাজলৈ ঘুৰি আহিব। উল্লেখযোগ্য যে সঞ্জয় দত্তৰ মাতৃ নাৰ্গিছ আৰু প্ৰথমা পত্নী ৰিচা শৰ্মা ও কেন্সাৰত আক্ৰান্ত হৈ মৃত্যু হৈছিল। মুম্বাইৰ লীলাৱতী হাস্পতালৰ চিকিৎসকে জনোৱা মতে অভিনেতা জনৰ দেহত অক্সিজেনৰ মাত্ৰা কমি যোৱাত শ্বাস প্ৰশ্বাসত কষ্ট হৈছিল। পৰবৰ্তী সময়ত তেওঁ ৰ কৰোনা ৰিপ’ৰ্ট নিগেটিভ আহে যদিও কেঞ্চাৰ সমন্ধীয় পৰিক্ষাত তেওঁৰ ৰিজাল্ট পজিতিভ আহে।এই সম্পৰ্কে সঞ্জয় দত্তৰ ডক্টৰ জলিল পাৰ্কৰক সবিশেষ সুধাত তেওঁ কোনো মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে।

Leave A Reply

Your email address will not be published.