ছবি নিৰ্মাতা নিশিকান্ত কামাট ৰ্অসুস্থ
বলিউডৰ প্ৰসিদ্ধ ছবি নিৰ্মাতা নিশিকান্ত কামাট ৰ্অসুস্থ। যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ বৰ্তমান হাইদৰাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।।দীৰ্ঘ দিন লিভাৰ ছিৰচিছ ৰোগত ভুগি থকা প্ৰসিদ্ধ নিৰ্মাতা জনৰ স্বাস্থ্যৰ অৱনতি ঘটিছে।
বলিউডৰ লগতে দক্ষিণাত্যৰ ছবি জগততো চিনাকী কামাটে দৰ্শকক বহুতো ভাল ছবি উপহাৰ দিছে। দ্ৰিশ্যম, মাডাৰি, মুম্বাই মেৰি জান দৰে বক্স অফিচত সফল ছবি উপহাৰ দিয়াৰ উপৰিও কেইবাখনো মাৰাঠী ভাষাৰ ছবিত অভিনয়ো কৰিছে। ইয়াৰ উপৰিও তেওঁৰ চিনেমাই ২০০৫ চনত মাৰাঠী ছবিৰ ডম্পিভালী ফেষ্টিভেলত বটাঁ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।