Daily Time Axom

হ্ৰাস পালে সোণৰ মূল্য

0 18

বিগত মাহজুৰি সোণৰ আকাশলংঘী মূল্যই দেশবাসীক জলা কোলা খোৱাৰ সময়তে বুধবাৰে হ্ৰাস পালে সোণৰ মূল্য দিল্লীত বৰ্তমান প্ৰতিকিলো গ্ৰাম সোণত ৫৪,১৭৪ টকাৰ পৰা ৫২,৯৪৬ টকালৈ হ্ৰাস পালে৷ বিশেষজ্ঞ সকলৰ মতে আমেৰিকান ডলাৰতকৈ ভাৰতীয় টকাৰ মূল্য অধিক সুস্থিৰ হোৱাৰ বাবে সোণৰ আকাশলংঘী মূল্য হ্ৰাস পোৱা বুলি ধাৰণা কৰা হৈছে৷ উল্লেখ যোগ্য যে আন্তঃৰাষ্ট্ৰীয় বজাৰত যোৱা সাত বছৰৰ ভিতৰত সোণৰ মূল্য হ্ৰাস পোৱাত ঘৰুৱা বজাৰতো ইয়াৰ প্ৰভাৱ পৰিছে৷ বিগত সাত বছৰৰ পাছত সোণৰ মূল্যৰ এইয়া সৰ্ববৃহৎ হ্ৰাস৷ বৰ্তমান এই মূল্য হ্ৰাসৰ প্ৰভাৱ ৰূপৰ ওপৰটো পৰিলক্ষিত হৈছে৷
52946

Leave A Reply

Your email address will not be published.