Daily Time Axom

আমেৰিকাই বাজেয়াপ্ত কৰিলে ইৰাণৰ তেল পৰিবাহী জাহাজ

0 18

বৰ্তমান সময়ত মধ্য প্ৰাচ্য আৰু পশ্চিমীয়া দেশ সমূহৰ মাজত চলি থকা শীতল যুদ্ধৰ দামামাৰ মাজতেই আমেৰিকাই ইৰাণৰ চাৰিখন খাৰুৱাতেল পৰিবাহী জাহাজ বাজেয়াপ্ত কৰে৷ আমেৰিকাৰ এখন আগশাৰীৰ জৰ্নেল ৱালষ্ট্ৰিটৰ মতে ইৰাণে ভেনিজুৱেলালৈ ৰপ্তানি কৰা গেছলিন পৰিবাহী জাহাজ মাজসাগৰতে আমেৰিকাই বাজেয়াপ্ত কৰে৷ বিগত সময়ত ইৰানে গোপনে চলোৱা পাৰমাণৱিক শক্তি বৰ্ধনৰ কাৰ্যসূচী আৰু মধ্যপ্ৰাচ্যত নিজৰ প্ৰভূত্ব বিস্তাৰৰ নীতিৰ বাবেই ইৰাণ আৰু আমেৰিকাৰ মাজত কূটনৈতিক সম্পৰ্কৰ অৱনতি হৈ আমেৰিকাক বিতুষ্ট কৰি তুলিছে। উল্লেখযোগ্য যে মাৰ্কিনযুক্তৰাষ্টই ইৰাণৰ এই চাৰিখন জাহাজ বাজেয়াপ্ত কৰিছিল যদিও কোনা সামৰিক শক্তি ব্যৱহাৰ কৰা নাছিল৷

Leave A Reply

Your email address will not be published.