Daily Time Axom

এয়াৰ ইণ্ডিয়াৰ ৪৮ পাইলটক হঠাৎ চাকৰিৰ পৰা অব্যাহতি

0 12

ভাৰতৰ সৰ্ববৃহৎ বিমান পৰিবহন প্ৰতিষ্ঠান এয়াৰ ইণ্ডিয়াই বৃহস্পতি বাৰে ৪৮জন পাইলটক হঠাৎ কৰ্মৰ অব্যাহতি দিয়ে।। এয়াৰ ইণ্ডিয়াৰ এই পাইলট সকলে পূৰ্বেও চাকৰিৰ পৰা ইস্তাফা দিছিল বিধিগত ভাৱে পুনৰ কামত যোগে দিয়ে । সেইবাবে এয়াৰ ইণ্ডিয়াই কিছু দিনৰ বাবে পাইলতৰ বৰ্খাস্ত কৰাৰ প্ৰক্ৰিয়া স্থগিত ৰাখিছিল।। কিন্তু ১৩ আগষ্টত এয়াৰ ইণ্ডিয়াই হঠাতে লোৱা এই সিদ্ধান্তৰ বাবে এতিয়া সৰগ ভাগি পৰিছে বিমানত কৰ্মৰত পাইলট সকলৰ ওপৰত। প্ৰাপ্ত খৱৰ অনুসৰি ইয়াৰে কিছু সংখ্যক পাইলটে তেওঁলোকৰ চাকৰি হেৰুৱাৰ কথা গমেই পোৱা নাছিল কাৰণ এই সিদ্ধান্ততো লোৱাৰ সময়ত তেওঁলোকে বিমান চলাই আছিল।। ইতিমধ্যে এয়াৰ ইণ্ডিয়াৰ তৰফৰ পৰা এই কথা কোৱা হৈছে যে বিশ্বত কৰোনা মহামাৰিৰ ফলত তেওঁ লোকে বিৰাট লোকচানৰ সন্মুখীন হোৱাত পাইলট সকলক দৰমহা দিব নোৱাৰা অৱস্থালৈ চাই হঠাতে এই সিদ্ধান্ত লব লগা হৈছে।। বৰ্তমান এই বিষয়টোৰ প্ৰতিক্ৰিয়া ৰূপে Indian Commercial Pilot Association (ICPA) ৰ তৰফৰ পৰা এয়াৰ ইণ্ডিয়াৰ চেয়াৰমেন মেনেজিং ডাইৰেক্টৰ ৰাজীৱ ৱনচলক পাইলট সকলৰ নীতি বহিৰ্ভূত
বৰ্খাস্ত কৰনত হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে।।

Leave A Reply

Your email address will not be published.