উদ্ধাৰ হল বৃহস্পতিবাৰৰ পৰা নিৰুদ্দিষ্ট ইফটিকাৰ আহমেদৰ মৃতদেহ, তিনিজনক আটক, বৰ্তমানো পলাটক ঘটনাৰ মূল অভিযুক্ত
বৃহস্পতিবাৰৰ পৰা গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰত এজন যুৱকৰ নিৰুদ্দেশৰ লগত জড়িত ৩ যুৱকক আজি পুৱতি নিশা অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাট চেতিয়া গাঁৱৰ পৰা কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে,এটা নম্বৰৰ পৰা যোৱা ফোনকলৰ ভিত্তিত উৰিয়ামঘাটৰ অন্তৰ্গত বজালবাৰী অঞ্চলৰ গৰু ব্যৱসায়ৰ সৈতে জড়িত যুৱক ইফটিকাৰে লগত প্ৰায় ১ লাখটকা বৰপথাৰৰ পাভজান অঞ্চললৈ আহি নিৰুদ্দেশ হৈ আছে । গৰু ক্ৰয় কৰিবলৈ অহাৰ পিছত ইফটিকাৰৰ ফোনৰ পৰা তেওঁৰ এজন মাচিউল আহমেদ নামৰ বন্ধুলৈ আহিল এটা ফোন কল । সেয়াই আছিল শেষ ফোনকল ৷ বৰপথাৰ আৰক্ষী, পৰিয়ালৰ আহ্বানত যুদ্ধবিৰতিত থকা আনলাই সমগ্ৰ বিষয়টোত নিজাকৈ তদন্ত কৰি ঘটনাৰ লগত জড়িত ৩ যুৱকক আজি কৰায়ত্ত কৰি বৰপথাৰ আৰক্ষীক গটাই দিয়ে ৷ আটকাধীন যুৱককেইজনৰ নাম বিকাশ তাঁতী, অনন্ত তাঁতী আৰু সৰু কৰ্মকাৰ ৷ আনহাতে, ঘটনাৰ মাষ্টাৰমাইণ্ড হেম বৰুৱা নামৰ চেইনপুৰৰ আদিবাসী যুৱকজন পলায়ন কৰে ৷ অৱশেষত বৰপথাৰৰ ভগৱান বাগানৰ ৭ নং লাইনত পুতি থোৱা অৱস্থাত উদ্ধাৰ হল নিৰুদ্দিষ্ট গৰু ব্যৱসায়ী ইফটিকাৰ আহমেদৰ গলিত মৃতদেহ ৷ আটকাধীন যুৱককেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আহি মৃতদেহ উদ্ধাৰ কৰে ৷ আনহাতে, মৃতদেহ উদ্ধাৰ হোৱা ঘটনাস্থলীত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ৷