বি.এড পাঠ্যক্ৰমৰ সন্দৰ্ভত Dibrugarh বিশ্ববিদ্যালয়ত যৌথ আলোচনা
অহা ১০ ছেপ্টেম্বৰ ভিতৰত বি.এড পাঠ্যক্ৰমৰ চূড়ান্ত ষাণ্মাসিকৰ বাবে গ্ৰহণ কৰা হব যাবতীয় ব্যবস্থা। Dibrugarh বিশ্ববিদ্যালয় আছু গোটৰ নেতৃত্বত Dibrugarh বিশ্ববিদ্যালয়ৰ অধীনস্থ বি.এড পাঠ্যক্ৰমৰ মহাবিদ্যালয়ৰ চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ-ছাত্ৰীৰ আজি উপাচাৰ্যৰ সৈতে আলোচনা অনুষ্ঠিত হয় । এই বৈঠকত উপাচাৰ্যৰ লগতে Dibrugarh বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক আৰু শিক্ষাতত্ব বিভাগৰ কেইবাজনো অধ্যাপক উপস্থিত আছিল। উল্লেখযোগ্য যে যোৱা ১৫ আগষ্ট তাৰিখে অসম চৰকাৰৰ শিক্ষামন্ত্ৰীয়ে টেট উত্তীৰ্ন প্ৰাৰ্থীসকলৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হব বুলি ঘোষণা কৰিছিল । ইয়াৰ পিছতে সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া। কাৰণ বি.এড পাঠ্যক্ৰমৰ শেষ ষাণ্মাসিকৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে পৰীক্ষা সন্দৰ্ভত প্ৰকাশ হোৱা নাছিল চূড়ান্ত জাননী। যাৰ ফলত এই সুযোগৰ পৰা বঞ্চিত হোৱা সংশয় সৃষ্টি হৈছিল, টেট উত্তীৰ্ন শেষ ষাণ্মাসিক ছাত্ৰ-ছাত্ৰীসকলৰ মনত।
Dibrugarh বিশ্ববিদ্যালয় আছু গোটে এই সন্দৰ্ভত কেইবাৰো স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছত ১৯ আগষ্টত Dibrugarh বিশ্ববিদ্যালয় প্রশাসনে এই সন্দৰ্ভত এক জাননী প্ৰকাশ কৰে যদিও কোনো নিৰ্দিষ্ট সময় দিয়া নাছিল । বহুকেইখন মহাবিদ্যালয়ৰ অনুৰোধ পত্ৰ মৰ্মে, পুনৰ Dibrugarh বিশ্ববিদ্যালয় আছু গোটে ২১ আগষ্টত প্ৰদান কৰা স্মাৰক পত্ৰ মৰ্মে আজি উপাচাৰ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এক যৌথ আলোচনা । এই আলোচনা মৰ্মে অহা ১০ ছেপ্টেম্বৰ ভিতৰত যাবতীয় ব্যৱস্থা গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকল যাতে এই সুযোগ গ্ৰহণৰ পৰা বঞ্চিত নহয়, তাৰ আশ্বাস প্ৰদান কৰে উপাচাৰ্যই ।