Daily Time Axom

মিছলীয়া অগপঃ সাংসদ অজিত কুমাৰ ভূঞা

0 10

এইবাৰ অগপক মিছলীয়া আখ্যা দি খুৰধাৰ সমালোচনা সাংসদ অজিত কুমাৰ ভূঞাৰ৷ শুক্ৰবাৰে গোলাঘাটত উপস্থিত হৈ সাংসদ গৰাকী সৰৱ হৈ পৰে অগপ দলটোৰ বিৰুদ্ধে ৷ চৰিত্ৰহীন, সুবিধাবাদী, ক্ষমতালোভী অগপৰ নেতৃত্বক অগপ ত্যাগ কৰি আনুষ্ঠানিক ভাৱে বিজেপিত যোগদানৰ আহ্বান জনায় তেওঁ ৷ ইয়াৰ লগতে তেওঁ প্ৰফুল্ল কুমাৰ মহন্তকে ধৰি প্ৰকৃত আঞ্চলিকতাবাদৰ সহযোগী অগপ কৰ্মীক আঞ্চলিক গণ মৰ্চাত যোগ দিবলৈ নিমন্ত্ৰণ জনায় ৷ অসম আৰু অসমীয়াৰ জাতীয় অস্তিত্বক জলাঞ্জলি দিয়া বিজেপি চৰকাৰক ক্ষমতাচ্যুৎ কৰিবৰ বাবে সমূহ আঞ্চলিকতাবাদী শক্তিক একত্ৰিত হোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ। প্ৰয়োজন সাপেক্ষে কংগ্ৰেছ তথা সমূহ আঞ্চলিকতাবাদী শক্তিৰ সৈতে মহাজোট সৃষ্টিৰো পোষকতা সাংসদ গৰাকীৰ।একত্ৰিত মহাজোটৰ জৰিয়তে বিজেপি বিৰোধী ৰণ কৌশল তৈয়াৰৰ বাবে ৰাজ্যৰ জিলাই জিলাই ভ্ৰমণ কৰি সকলোকে একত্ৰিত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে আঞ্চলিক গণ মৰ্চাই। সংসদ গৰাকীৰ সৈতে দলীয় সতীৰ্থ মনজিৎ মহন্ত‌ও উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.