যোৰহাটত পৌৰ সভাৰ কৰ্মীৰ প্ৰতিবাদ

যোৰহাটত পৌৰ সভাৰ কৰ্মীসকলে যোৰহাট জিলা উপায়ুক্ত কাৰ্য্য়ালৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। উল্লেখযোগ্য যে পৌৰ সভাৰ কৰ্মী সকলে বিভিন্ন সময়ত বহুতো সমস্যাৰ সন্মুখীন হৈ আহিছে,চৰকাৰক বিভিন্ন সময়ত সমস্যা সমূহৰ সমাধানৰ বাবে দাবী জনায় আহিছে যদিয়ো কোনো ফল নধৰাত আজি যোৰহাট উপায়ুক্ত কাৰ্য্য়ালৰ সন্মুখত পৌৰ কৰ্মী সকলৰ চাকৰি নিয়মীয়া কৰা,পৌৰ কৰ্মীসকলৰ বকেয়া ধন আদাই দিয়া,মাষ্টাৰুল আৰু নিৰ্ধাৰিত বেতনৰ কৰ্মচাৰীৰ চাকৰি স্থায়ীকৰণ কৰা আৰু বহু কেইটা দাবী লৈ যোৰহাট উপায়ুক্তৰ যোগেদি চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰদান কৰে। লগতে স্বাস্থ্য মন্ত্ৰীৰ ওপৰত ক্ষোভ উজাৰি কয় কৰুণা ৰোগীৰ মল মূত্ৰ আদি চাফা কৰা ক্ষেত্ৰত পৌৰ কৰ্মী সকলে নিষ্ঠাৰে কৰ্ম সম্পাদন কৰি আহিছে কিন্তু চৰকাৰ তথা স্বাস্থ্য বিভাগে এই পৌৰ চাফাই কৰ্মী সকলক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে ।

Comments (0)
Add Comment