গোলাঘাটৰ কমাৰবন্ধাত পিঞ্জৰাবদ্ধ নাহৰফুটুকী
উল্লেখযোগ্য যে দীৰ্ঘ দিন ধৰি অঞ্চলটোত নাহৰফুটুকীটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল৷
অঞ্চলটোৰ কেইবাজনো লোকৰ পশুধন আক্ৰমণ কৰি নাহৰফুটুকীটোৱে নিজৰ বাবে খাদ্যৰ যোগান ধৰিছিল৷ স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত কালি বনবিভাগৰ এটা দলে ৰাইজৰ সহযোগত বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয়৷ ইতিমধ্যে সন্ত্ৰাস সৃষ্টিকাৰী বাঘটোক পিঞ্জৰাবদ্ধ কৰিলেও উক্ত অঞ্চলত আৰু বাঘ থকা সন্দেহ প্ৰকাশ কৰিছে ৰাইজে৷ আনহাতে উক্ত অঞ্চলৰ পৰা বাঘটো বনবিভাগে স্থানান্তৰ কৰিছে৷