নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি ডিমৌত উত্তপ্ত পৰিস্থিতি
ডিজিটেল ডেস্কঃ চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ কাৰণেই ডিমৌৰ ৰজাবাৰীস্থিত চাওলুং চুকাফা চিকিৎসালয়ত দেওবাৰে এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় ৷ উপযুক্ত চিকিৎসা নোপোৱাৰ বাবেই এটি ১৪ মহীয়া শিশুৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে ৷ উল্লেখযোগ্য যে, পানীত পৰি যোৱা শিশুটিক কৰ্তৃপক্ষই কভিড ৰোগী থকাৰ বাবে প্ৰাথমিক চিকিৎসা অবিহনে ঘূৰাই পঠোৱাৰ অভিযোগ কৰে ৷ পিছত ডিমৌ আদৰ্শ চিকিৎসালয়লৈ নিয়াত শিশুটি মৃত ঘোষণা কৰে চিকিৎসকে । ইয়াৰ পিচতেই চিকিৎসালয়খনত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ এই ঘটনাই সমগ্ৰ ডিমৌতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷