নিষিদ্ধ নহয় জনপ্ৰিয় ম’বাইল গেম PUBG

ভাৰত চৰকাৰে যোৱা সপ্তাহত ১১৮টা চীনা এপ নিষিদ্ধ ঘোষণা কৰিছে । ইয়াৰ ভিতৰত অৰ্ন্তভূক্ত আছে জনপ্ৰিয় গেম পাবজি। কিন্তু পাবজি খেলি ভাল পোৱাসকলৰ বাবে আছে এটা ভাল খবৰ। পাবজি কৰ্প’ৰেচনে এক অফিচিয়েল বিজ্ঞপ্তি জাৰি কৰিছে যে পাবজি নিষিদ্ধ কৰাৰ সমগ্ৰ বিষয়টোৰ ওপৰত বিবেচনা কৰি থকা হৈছে।
লগতে এয়াও নিশ্চিত হৈছে যে ভাৰতত PUBG Mobileৰ ওপৰত Tencent Gamesৰ কন্ট্র’ল নোহোৱা কৰা হব আৰু ইয়াৰ সকলো পাব্লিছিং দায়িত্ব পাবজি কৰ্প’ৰেচনৰ হাতলৈ আহিব। দক্ষিণ কোৰিয়াৰ গেমিং কোম্পানীয়ে ইয়াৰ দায়িত্ব ল’ব, আৰু ইয়াৰ পিছতে শীঘ্ৰে দেশত পাবজিৰ নিষেধাজ্ঞা আঁতৰোৱা হ’ব পাৰে।
পাবজি মোবাইল, Playerunknown’s Battlegrounds (PUBG)ৰ মোবাইল ভাৰ্ছন আৰু ইয়াক দক্ষিণ কোৰিয়াৰ গেমিং কোম্পানীৰ দ্বাৰা বনোৱা হৈছে।
উল্লেখযোগ্য যে পাবজি মোবাইল আৰু পাবজি মোবাইল লাইটৰ ফ্ৰেনচাইজী চীনৰ সৰ্ববৃহৎ গেমিং কোম্পানী Tencentৰ হাতত আছে। পাবজি মোবাইল আৰু পাবজি মোবাইল লাইট দুয়োটা পাবজি কৰ্প’ৰেচন আৰু Tencent–এ মিলি প্ৰস্তুত কৰিছে।

Comments (0)
Add Comment