ENTRY: LIGHT UTILITY HELICOPTER
ডিজিটেল ডেস্ক
ভাৰতে লাডাখত সফল পৰীক্ষণ সম্পন্ন কৰে LIGHT UTILITY HELICOPTER য়ে।
অলপতে লাডাখৰ প্ৰতিকুল পৰিবেশত বাংগালুৰোত হিন্দুস্থান এৰ’নটিক্স লিমিটেডে উদ্ভাৱন কৰি উলিওৱা LUH ৰ সফল পৰীক্ষণ সমাপ্ত হয় । ভাৰতীয় সেনাত নিয়োজিত হৈ থকা চেতক আৰু চিতা হেলিকপ্টাৰে বিগত ৩০ বছৰ ধৰি ভাৰতীয় সেনাত সেৱা আগবঢ়াই আহিছে। উক্ত হেলিকপ্টাৰ সমুহ পুৰণি হৈ যোৱাৰ প্ৰতি লক্ষ্য ৰাখি LUH ৰ প্ৰাসংগিকতা আহি পৰিছে। উল্লেখ্য যে ৰাছিয়াৰ পৰা আমদানিকৃত বহু হেলিকপ্টাৰ বৰ্তমানেও ভাৰতীয় বায়ুসেনা আৰু সেনাত ব্যৱহাৰ হৈ আহিছে।ইয়াৰে সৰহ সংখ্যকৰ ব্যৱহাৰৰ ম্যাদ ইতিমধ্যে উকলিছে। গতিকে নিশ্চিতভাৱে LUHৰ ব্যৱহাৰে ভাৰতৰ অস্ত্ৰৰ ক্ষেত্ৰত অন্য দেশৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মেক্ ইন ইণ্ডিয়াইও প্ৰসাৰতা লাভ কৰিব বুলি আশা কৰিব পাৰি।