Daily Time Axom

নামেৰী বনাঞ্চলত অস্ত্ৰসহ চোৰাং চিকাৰী গ্ৰেপ্তাৰ

0 19

যোৱা ১১ ছেপ্তেম্বৰৰ সন্ধিয়া প্ৰায় ৬:৩০ বজাত নামেৰী ৱাইল্ডলাইফ ৰেঞ্জৰ ৰেঞ্জ ফৰেষ্ট অফিচাৰ দেৱাশিষ বুঢ়াগোহাঁইৰ নিৰ্দেশত আৰু বন বিষয়া অমৃত দলে আৰু দীপ কলিতাৰ নেতৃত্বত যোৱা এটা টহলদাৰী দলে নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ জীয়া ভৰলী নদীত টহলদাৰী কৰি থকা অৱস্থাত ১৪ মাইল বন- শিবিৰ এলেকাৰ দিজি নালাত কেইজনমান দুৰ্বৃত্তৰ কাৰ্য-কলাপ পৰিলক্ষিত কৰি সেই দিশে আগবঢ়াত কেইজনমান দুৰ্বৃত্ত পানীত জঁপিয়াই পলাই সাৰিবলৈ সক্ষম হয় যদিও দয়া খাকলাৰী নামৰ জালি অঞ্চলৰ এটা দুৰ্বৃত্ব কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ধৃত দুৰ্বৃত্ব টোৰ পৰা এখন কাঠৰ নাঁও, দুটা হস্ত-নিৰ্মিত বন্দুক, ভালে সংখ্যক বিস্ফোৰক সামগ্ৰী আৰু আন আন আপত্তিজনক সামগ্ৰী জব্দ কৰে। উদ্ধাৰ হোৱা হস্ত- নিৰ্মিত বন্দুক আৰু প্ৰাৰম্ভিক অনুসন্ধানৰ পৰা এই কথা স্পষ্ট হৈছে যে, ধৃত দুৰ্বৃত্বটোৰ লগতে আন পলায়নকাৰী দুৰ্বৃত্বকেইটাই সংৰক্ষিত বন্যপ্ৰাণী উদ্য়ানখনত বিভিন্ন প্ৰজাতিৰ হৰিণ, বনৰীয়া গাহৰি, হাতী, বাঘ ইত্যাদি চিকাৰ কৰিবলৈ অবৈধভাৱে অস্ত্ৰ- শস্ত্ৰ লৈ প্ৰৱেশ কৰিছিল।
ধৃত অভিযুক্তৰ বিৰুদ্ধে নামেৰী ৱাইল্ডলাইফ ৰেঞ্জত এটা গোচৰ ৰুজু কৰি শোণিতপুৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হয়। ঘটনা সন্দৰ্ভত নামেৰী ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই অনুসন্ধান আৰু অভিযান অব্যাহত ৰাখিছে।

Leave A Reply

Your email address will not be published.