Daily Time Axom

ভাৰত চীন সীমান্তত উত্তেজনা বৃদ্ধি। পেংগংছ্ হ্ৰদৰ দক্ষিণ পাৰত চীনে নিয়োগ কৰিলে ১০ হাজাৰ সেনা।

0 28

ডিজিটেল ডেস্ক :ভাৰত চীন সীমান্তত এতিয়া বাজিছে যুদ্ধৰ দামামা। চতুৰ আগ্ৰাসী চীনে ভাৰতক বাৰে বাৰে যুদ্ধৰ বাবে প্ৰৰোচিত কৰি আহিছে যদিও ভাৰতেও উভতি ধৰিছে চীনক। কিছুদিন আগতে ভাৰতীয় সেনাই চীনা সেনাৰ আধিপত্য উফৰাই ব্লেলটপ, হেলমেট টপৰ দৰে অতি গুৰুত্বপূৰ্ণ পৰ্বতৰ শিখৰকেইটা নিজৰ দখললৈ আনিবলৈ সমৰ্থ হৈছে। ইয়াৰ সমান্তৰালকৈ ভাৰতীয় বায়ু সেনাইয়ো লেহৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ডত সষ্টম কৰি ৰাখিছে ছুখয় ৩০, মিগ২৯, ৰফেলৰ লগতে দেশতেই নিৰ্মাণত তেজছ্ দৰে আত্যধুনিক যুজাৰু বিমান। শেহতীয়াভাৱে চীনে ভাৰতক প্ৰতুত্যৰ দিবলৈ সীমান্তত ৫২০০০ পিএলএ ৰ সেনা নিয়োগ কৰিছে আৰু ইয়াৰে ১০০০০ সেনাই বাহৰ পাতিছে পেংগংছ হ্ৰদৰ দক্ষিণ পাৰত। উল্লেখযোগ্য যে ১০ছেপ্টেম্বৰত মস্কোত অনুষ্ঠিত চীন ভাৰতৰ দ্বিপাক্ষিক বৈঠকত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাংলী ৰ মাজত হোৱা আলোচনাৰো কোনো সামাধান সূত্ৰ নোলাল। বৰ্তমান লাড্ডাখ সীমান্তৰ কোনো কোনো অঞ্চলত দুয়োপক্ষৰ মাজৰ ব্যৱধান ১০০ মিটাৰৰো কম যত যিকোনো মুহুৰ্ততে পৰিষ্ঠিতি ভয়াৱহ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

Leave A Reply

Your email address will not be published.