Daily Time Axom

অসম গেছ কোম্পানীৰ দায়িত্বজ্ঞানহীন কাণ্ড। য’তে-ত’তে জ্বলি উঠে জুই।

0 17

দুলীয়াজান চহৰৰ মাজমজিয়াত থকা উজনি অসমৰ অন্যতম উদ্যোগ প্ৰতিষ্ঠান অসম গেছ কোম্পানী। এই প্ৰতিষ্ঠানটোৱে প্ৰতিষ্ঠা হোৱা কালৰে পৰা দুলীয়াজান চহৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহতো ঘৰুৱা ৰন্ধন গেছৰ চাহিদা পূৰণ কৰি আহিছে। কিন্তু কোম্পানীটোৰ এচাম বিষয়া–কৰ্মচাৰী দায়িত্বজ্ঞানহীনতা আৰু আওপুৰণি গেছ পাইপৰ বাবেই এতিয়া বিপদ মাতি আনিছে কোম্পানীটোৰ গ্ৰাহকসকললৈ।

উল্লেখযোগ্য যে দুলীয়াজানৰ ইন্দ্ৰপুৰীৰ নিবাসী বিজয় বড়া পুত্ৰ নিৰ্মলজিত বৰাই যোৱা মঙলবাৰে দুপৰীয়া আহাৰ তৈয়াৰ কৰিবলৈ লওঁতেই পাইপলাইনেৰে গেছ নিৰ্গত হৈ থকাত হঠাতে মুখমণ্ডলত জুই লাগি গুৰুত্বৰভাৱে অগ্নিদগ্ধ হয় ।

পৰিয়ালৰ লোকে ঘটনাৰ বিষয়ে কোম্পানীৰ বিষয়া–কৰ্মচাৰীক অৱগত কৰাত বিষয়া–কৰ্মচাৰী সকল ঘটনাস্থলীত উপস্থিত হয় যদিও বিগত ৫টা দিনেও গেছ নিৰ্গতৰ হোৱা স্থান বিচাৰি উলিয়াবলৈ সক্ষম নহ’ল। যাৰ ফলত গেছ বিয়পি থকাত জুইশলা কাঠি মাৰিলেই জ্বলি উঠে ঘৰখনৰ আচবাবৰ লগতে ঘৰৰ বেৰ।

কোম্পানীটোৰ এই ব্যৰ্থতাৰ বাবে এতিয়া ভয়-শংকাৰ পৰিৱেশত দিন অতিবাহিত কৰিব লগা হৈছে পৰিয়ালটোৰ লগতে স্থানীয় লোকসকলে। আনহাতে শনিবাৰে অগ্নিদগ্ধ যুৱকজনৰ বাসগৃহত বিধায়ক তেৰশ গোৱালা উপস্থিত হৈ যুৱকজনৰ স্বাস্থ্যৰ বুজ লোৱাৰ উপৰিও কোম্পানীটোৰ পৰিচালন সঞ্চালকক ঘটনাৰ তদন্ত কৰিবলৈ দাবী জনায়। শেহতীয়াকৈ এই ঘটনাৰ সন্দৰ্ভত দুলীয়াজান আৰক্ষী থানাত গোচৰ ৰুজু কৰি সঠিক তদন্তৰ দাবী তুলিছে পৰিয়ালটোৱে ।

Leave A Reply

Your email address will not be published.