Daily Time Axom

কভিড চিকিৎসালয়ৰ পৰা সন্ধানহীন হোৱা বৃদ্ধ ক’ত ওলাল?

0 16

গোলাঘাটৰ কভিড চিকিৎসালয়ৰ পৰা সন্ধানহীন হল এজন কৰোনাত আক্ৰান্ত বৃদ্ধ । গোলাঘাট কমাৰবন্ধাৰ বামুণ গাওৰ প্ৰায় ৭০ উৰ্দ্ধৰ এজন ব্যক্তিজন যোৱা ১৭ ছেপ্তেম্বৰত কৰোনাত আক্ৰান্ত হোৱাত ভৰ্তি কৰা হৈছিল গোলাঘাটৰ কভিড চিকিৎসালয়ত। কিন্তু দেওবাৰে পুৱা হঠাত চিকিৎসালয়খনৰ পৰা ৰহস্যজনক ভাবে সন্ধানহীন হৈছিল বৃদ্ধজন। এই খবৰ বিয়পি পৰাৰ লগে লগে স্বাস্থ্য বিভাগত হাহাকাৰ লাগে । অৱশেষত প্ৰায় ৫ ঘন্টাৰ মূৰত গোলাঘাটৰ ৰঙাজানত লোকজনক উদ্বাৰ কৰে স্বাস্থ্য বিভাগে। বৃদ্ধজনক উদ্ধাৰ কৰাৰ পিছতে পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য । উল্লেখযোগ্য যে, বৃদ্ধ গৰাকী নিশা বাথৰুমলৈ গৈছিল যদিও অসুস্থ ব্যক্তিজন নিজৰ বিচনালৈ ঘুৰি যাব নোৱাৰি বাথৰুমতে পৰি থাকিবলগীয়া হল ৷ ইয়াৰ পিচতে পুৱা চিকিৎসালয়খনৰ কোনো ব্যক্তিক ৫০০ টকা দি ৰঙাজানৰ জীয়ৰীৰ ঘৰ পায়গৈ ৷ ইফালে জীয়েকে পিতৃক এনেদৰে হঠাত দেখি স্বাস্থ্য বিভাগক খবৰ দিয়াত ঘটনাস্থলীত ১০৮ সেৱা উপস্থিত হৈ কৰোনাত আক্ৰান্ত বৃদ্ধ জনক পুনৰ চিকিৎসালয়লৈ লৈ যায় । আনহাতে, স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰে বৃদ্ধজনৰ জীয়েকে ৷ এই ঘটনাই সমগ্ৰ গোলাঘাটতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

Leave A Reply

Your email address will not be published.