ডিজিটেল ডেস্কঃ কৰোনাৰ প্ৰকোপ বহু কেইখন দেশত কিছু সাম কাটিছিল যদিও পুনৰ কোৰোনাত সংক্ৰমিত সংখ্যাই বাৰুকৈয়ে চিন্তিত কৰিছে বিভিন্নজনক। কোৰোনাৰ প্ৰকোপ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই শেহতীয়াকৈ ইজৰাইলত জাৰি কৰা হৈছে লকডাউন। চৰ্চা হৈছে যে, বিশ্বত আৰম্ভ হৈছে কোৰোনা ভাইৰাছৰ দ্বিতীয়টো স্তৰ। এই স্তৰত কোৰোনা আৰু অধিক বিধ্বংসী হব বুলিও মতপোষণ কৰিছে একাংশ বিশেষজ্ঞই।
এনেবোৰ চৰ্চা চলি থকাৰ সময়তে বিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে মন্তব্য কৰিছে যে, কোৰোনা ভাইৰাছৰ দ্বিতীয়টো স্তৰ অতি ভয়ংকৰ। নতুনকৈ পুনৰ নীতি-নিৰ্দেশনা জাৰি কৰাৰ পৰিৱেশো উদ্ভৱ হব পাৰে। উল্লেখ্য যে, বিটেইনতো লকডাউনৰ হোৱাৰ আশংকা প্ৰকাশ কৰিছে একাংশই।