অতিশীঘ্ৰে ভাৰতৰ আকাশত উৰা মাৰিব তেজসৰ নতুন সংস্কৰণ sp-22 আৰু sp-23 যে। বাংগালোৰ HAL হিণ্ডোষ্টান এৰোনটিক্স লিমিটেডে উদ্ভাৱন কৰি উলিওৱা এই দুখন বিমান হব পূৰ্বৰ তেজসতকৈ অধিক শক্তিশালী। যিহেতু তেজসৰ বৰ্তমান একাধিক বিমান এতিয়াও ভাৰতীয় বিমান বাহিনীত ফ্লাইং ডেগাৰছ নামৰ স্কোৱাড্ৰনটোত নিয়োজিত হৈ আছে। বৰ্তমান ভাৰত চীনৰ এই যুদ্ধৰ আশংকাৰ মাজতেই HAL য়ে নিজৰ যুদ্ধকালীন তৎপৰতাৰে কৰোনাৰ লকডাউনৰ সমস্যাকো নেউচি এই নতুন বিমান দুখন নিৰ্মাণ কৰি উলিওৱাটো নিতান্তই প্ৰসংশনীয়। উল্লেখযোগ্য যে তেজসৰ এই নতুন SP ছিৰিজত সংযোজিত কৰা হৈছে এয়াৰ টু এয়াৰ ৰিফিউলিং প্ৰব। অথাৎ এই নতুন তেজসত মাজ আকাশতেই ইন্ধন ভৰাব সুবিধা দিয়া হৈছে, যাৰ ফলত নিশ্চিত ভাৱে বৃদ্ধি পাব তেজসৰ যুদ্ধৰ পৰিসৰ।