Daily Time Axom

লেফটেনেণ্ট শিৱাংগী সিং দেশৰ প্ৰথম ৰাফেল উৰুৱা মহিলা ফাইটাৰ পাইলট।।

0 19

ডিজিটেল ডেস্ক :ভাৰতীয় বিমান বাহিনীৰ সকলোতকৈ শক্তিশালী ৰাফেল জেট উৰুৱাবলৈ যোগ্যতা অৰ্জন কৰিছে ফ্লাইট লেফটেনেণ্ট শিৱাংগী সিঙে।দেশ বাসীৰ বাবে অতিকৈ গৌৰৱৰ বিষয় কাৰণ তেওঁ হব ৰাফেলৰ ককপিটত বহা প্ৰথম গৰাকী মহিলা ফাইটাৰ পাইলট। ভাৰতীয় বিমান বাহিনীত এক ঐতিহাসিক পদক্ষেপ হিচাপে ২০১৭ চনত প্ৰথম ৫ গৰাকী মহিলা ফাইটাৰ পাইলটৰ মাজত লেফটেনেণ্ট শিৱাংগী সিঙো আছিল অন্যতম। বৰ্তমান তেওঁ ৰাফেলৰ গল্ডেন এৰ স্কোৱাড্ৰনৰ একমাত্ৰ মহিলা।।উল্লেখ্য যে ২০১৫ চনতেই ভাৰতীয় বিমান বাহিনীত ফ্লাইং অফিচাৰ হিচাপে নিযুক্তি লাভ কৰা শিৱাংগী বৰ্তমান ৰাজস্থানত কৰ্মৰত আৰু তেওঁ মিগ ২১ বিমানৰ বৈমানিক। কিন্তু বিগত কিছু সময়ৰ পৰা তেওঁ আম্বালাত ৰাফেলৰ কাৰিকৰী দিশ সমূহৰ প্ৰশিক্ষণ লয়, অতি সোনকালেই গল্ডেন এৰ স্কোৱাড্ৰনৰ সদস্য হব।

Leave A Reply

Your email address will not be published.