বুধবাৰে ভাৰতে বালাচুৰৰ পৰা পৃথ্বি বেলিষ্টিক মিচাইলৰ সফল পৰীক্ষণ কৰি স্থাপন কৰিলে অন্য এক কৃৰ্তিমান। ভাৰতে আগতেও পৃথ্বি মিছাইলৰ কেইবাটাও সফল পৰীক্ষণ কৰিছে যদিও বুধবাৰৰ পৰীক্ষণে বিশেষ চৰ্চা লাভ কৰিছে, কাৰণ এই টেষ্ট ৰাতিৰ ভাগত সম্পন্ন কৰা হৈছিল। ডি আৰ ডি অৰ সদৰি কৰা তথ্য অনুসৰি উৰিস্যাৰ বালাচুৰ টেষ্ট ৰেঞ্জৰ পৰা উক্ত মিছাইলৰ পৰীক্ষণ সম্পন্ন কৰা হৈছিল আৰু এই মিছাইলটোৱে ৩৫০ কিলোমিটাৰ দূৰত্বত শত্ৰু পক্ষক আঘাট কৰিব পাৰিব। অতি উচ্চ প্ৰযুক্তি সম্পন্ন এই বেলিষ্টিক মিছাইলটোত সংলগ্ন কৰা হৈছে Electro Optical Tracking System যাৰ দ্বাৰা নেদেখাকৈও শত্ৰুৰ লক্ষ্যত নিখুটভাৱে আঘাট সানিব পাৰি । এই পৰীক্ষণৰ পাছত ডি আৰ ডি অই অতি শীঘ্ৰেই ভাৰতীয় সেনাৰ হাতত অৰ্পন কৰিব পৃথ্বি বেলিষ্টিক মিছাইল আৰু তথ্য অনুসৰি, এই পৃথ্বি মিছাইলে পাৰমাণৱিক অস্ত্ৰ বহন কৰিব পৰা ক্ষমতাও আছে।