ভাৰতৰ বজাৰত পুনৰ হ্ৰাস পাইছে সোণ-ৰূপৰ দাম
চলিত সপ্তাহত ভাৰতৰ বজাৰত হ্ৰাস পাইছে সোণ-ৰূপৰ দাম। মাল্টি কমোডিটী এক্সচেঞ্জত শুকুৰবাৰে সোণৰ মূল্য ২৩৮ টকা হ্ৰাস পাই প্ৰতি ১০ গ্ৰামত ৪৯,৬৬৬ টকা হৈছেগৈ। সেইদৰে হ্ৰাস পাইছে ৰূপৰ দামো। ৰূপৰ দাম প্ৰায় ১ শতাংশ হ্ৰাস পাই প্ৰতি কেজিত ৫৯,০১৮ টকা হৈছেগৈ।
সাপ্তাহিক হিচাপ অনুসৰি, সোণৰ দাম প্ৰতি ১০ গ্ৰামত ২০০০ টকা পৰ্যন্ত হ্ৰাস পাইছে। অন্যহাতে ৰূপৰ দাম প্ৰতি কেজিত ৯০০০ টকা পৰ্যন্ত হ্ৰাস পাইছে। ইফালে সোণ আৰু ৰূপৰ মূল্য আৰু হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।
আন্তঃ ৰাষ্ট্ৰীয় বজাৰত সোণ আৰু ৰূপৰ দাম হ্ৰাস পাইছে। ফলত ইয়াৰ প্ৰভাৱ ভাৰতীয় বজাৰতো পৰিছে। যোৱা সপ্তাহত সোণৰ দাম প্ৰায় ৪.৬ শতাংশ কমিছে। সেইদৰে ৰূপৰ দাম সস্তা হৈছে প্ৰায় ১৫ শতাংশ। ডলাৰৰ মূল্য অধিক শক্তিশালী হোৱাৰ বাবেই সোণ-ৰূপৰ মূল্য কমিছে বুলি জানিব পৰা গৈছে।