সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা আৰু ড্ৰাগছৰ গোচৰত জড়িত বিয়াগোম তাৰকা

ডিজিটেল ডেস্কঃ সুশান্ত সিং ৰাজপুত আত্মহত্যা আৰু ড্ৰাগছৰ গোচৰত তদন্ত অব্যাহত ৰাখিছে এনচিবিয়ে। সুশান্ত সিং ৰাজপুতৰ মৃত্যৰ তদন্ত কৰিবলৈ গৈ এতিয়া কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে অৱস্থা। এনচিবিৰ হাতত ৰিয়া চক্ৰৱৰ্তী গ্ৰেপ্তাৰ হোৱাৰ পিছতে ড্ৰাগছৰ সৈতে বলীউদ সংযোগৰ কথা। তালিকা প্ৰস্তুত হৈছে বিয়াগোম তাৰকাৰ।

শনিবাৰে জেৰাৰ সন্মুখীন হ’ল দীপিকা পাডুকণ, শ্ৰদ্ধা কাপুৰ আৰু ছাৰা আলী খান। শনিবাৰে নিশা এনচিবিয়ে দীপিকা পাডুকন, ছাৰা আলী খান আৰু শ্ৰদ্ধা কাপুৰক কেইবা ঘন্টা ধৰি সোধ-পোছ কৰে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, সোধ-পোছ কৰাৰ পাছত অভিনেত্ৰী কেইগৰাকীৰ ম’বাইল ছীজ কৰে।


জানিব পৰা মতে, তেওঁলোকৰ ফোনৰ পৰা ডাটা ৰিকভাৰ কৰা আৰু তদন্ত কৰা হ’ব। সূত্ৰ অনুসৰি, ছাৰা আলী খানে সকলো অভিযোগ অস্বীকাৰ কৰিছে। এনচিবিৰ জেৰাত স্বীকাৰ কৰিছে যে কেদাৰনাথ ছবিৰ সময়ত সুশান্ত সিং ৰাজপুতৰ সৈতে ঘনিষ্ঠতা বাঢ়িছিল। আনকি এনচিবিৰ আগত থাইলেণ্ড ট্ৰিপৰ কথাও জনায় ছাৰাই।

আনহাতে, শ্ৰদ্ধা কাপুৰে সুশান্তৰ ফাৰ্ম হাউছলৈ যোৱাৰ কথা স্বীকাৰ কৰিলেও ড্ৰাগছ লোৱাৰ কথা একেবাৰে অস্বীকাৰ কৰে। সূত্ৰ অনুসৰি, শনিবাৰে দীপিকাক প্ৰায় ৫ ঘণ্টা ধৰি জেৰা কৰা হয়। জনা গৈছে, এনচিবিৰ প্ৰশ্নবাণত জৰ্জৰিত হৈ এনচিবিৰ বিষয়াৰ সন্মুখতে কান্দি পেলাইছিল দীপিকাই।

Comments (0)
Add Comment