বৰপথাৰ প্ৰেমহৰাত ডাম্পাৰ চলাচল বন্ধ
ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ গড়কাপ্তানী বিভাগৰ সৰুপথাৰ গ্ৰাম্য পথ সংমণ্ডল কাৰ্যালয়ৰ অধীনস্থ উৰিয়ামঘাটৰ পৰা ইকৰাণী,প্ৰেমহৰা হৈ বৰপথাৰ সংযোগী প্ৰায় ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ গড়কাপ্তানী পথটো মেৰামতিৰ অভাৱত বিগত কেইবাবছৰ ধৰি জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে | পথৰ মাজত দ দ গাতৰ সৃষ্টি হৈ যাতায়তৰ অনুপযোগী হৈ পৰিছে | পথছোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই | ইয়াৰোপৰি স্থানীয় বিধায়িকা ৰ’জলিনা তিৰ্কীয়েও পথছোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে | আজি প্ৰেমহৰা তিনি আলিত উক্ত পথটোত ৰাইজে বাঁহ বান্ধি ডাম্পাৰ চলাচল বন্ধ ৰাখে।
অসম নগালেণ্ড সীমান্তৰ দৈয়াং নদীৰ পৰা দৈনিক প্ৰায় চাৰি শতাধিক ডাম্পাৰে শিল কঢ়িয়ায় | ধনশিৰি মহকুমাৰ বিভিন্ন স্থানৰ লগতে উজনি অসমৰ বিভিন্ন প্ৰান্তত এই শিল সমুহ সৰবৰাহ হয় | স্থানীয় ব্যৱসায়ী আৰু বহু নিৱনুৱা যুৱকে বেংকৰ পৰা ঋণ লৈ ডাম্পাৰ ক্ৰয় কৰি এই শিল কঢ়িওৱা ব্যৱসায়ৰ লগত জড়িত হৈ পৰিছে |
উল্লেখ্য় যে গড়কাপ্তানী পথছোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত ডাম্পাৰ মালিক সকলে নিজা খৰছত শিল পেলাই যুদ্ধকালীন তৎপৰতাৰে পথ মেৰামতি কৰি আছিল যদিও সেয়া পৰ্যাপ্ত নাছিল।সেয়েহে আজি স্থানীয় ৰাইজ উপায়ন্তৰ হৈ প্ৰেমহৰা তিনি আলিত উক্ত পথটোত ৰাইজে বাঁহ বান্ধি প্ৰায় ৫৫ খন ডাম্পাৰ চলাচল বন্ধ কৰি প্ৰতিবাদ সাব্য়স্ত কৰে। আৰু অতি শীঘ্ৰ উক্ত পথটো মেৰামতিৰ বাবে ৰাইজে অসম চৰকাৰক দাবী উত্থাপন কৰিছে।