“সুচল পথ সুচল যাতায়ত” শ্লোগানেৰে সৰুপথাৰ সমষ্টিত ৩২ টা পঞ্চায়তৰ অতি জৰাজীৰ্ণ পথৰ মেৰামতি কাৰ্য আৰম্ভ কৰিলে সমাজ কৰ্মী জীৱন চুতীয়াই ৷
ডিজিটেল ডেস্কঃ গান্ধী জয়ন্তীৰ দিনাই গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰৰ সমাজকৰ্মী জীৱন চুতীয়াই আৰম্ভ কৰিছে এক ব্যতিক্ৰমী কাৰ্যসূচী | সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত ৩২ খন পঞ্চায়তৰ অতি জৰাজীৰ্ণ ৩২ টাকৈ পথ সম্পূৰ্ণ নিজা খৰচত যাতায়ত ব্যৱস্থা সুচল কৰাৰ লক্ষ্য আজিৰে পৰা আৰম্ভ কৰিছে সৰুপথাৰ নিৱাসী এইগৰাকী সমাজ কৰ্মীয়ে| ধনশিৰি মহকুমাৰ পূব নাওজান পঞ্চায়তৰ অন্তৰ্গত সৰুপথাৰ নাওজান সংযোগী বেতনি পথাৰ গাঁৱৰ এটি জৰাজীৰ্ণ পথত কেইবা ডাম্পাৰ চেণ্ড গ্ৰেভেল দি এই ব্যতিক্ৰমী কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে |শুভাৰম্ভনি কাৰ্যসূচীৰ আঁতধৰা পঞ্চায়তখনৰ সভাপতি শংকৰ শইকীয়াই সমাজৰ বাবে কৰা নিস্বাৰ্থ কৰ্মসমুহৰ বাবে সমাজ কৰ্মী জীৱন চুতীয়াক শুভেচ্ছা জনোৱাৰ লগতে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে | এই অনুষ্ঠানটোত সভাপতি শংকৰ শইকীয়াৰ লগতে সমাজ কৰ্মী জগত বুঢ়াগোহাঁই, জ্যোতি ৰঞ্জন বৰা, চম্পক ৰায়,উৎপল বৰবৰা,পৰমানন্দ লাহন,সঞ্জীৱ গগৈ,বিপ্লৱ শৰ্মা, লক্ষ্য শইকীয়াসহ স্থানীয় বহু লোক উপস্থিত আছিল | উল্লেখ্য যে, সৰুপথাৰ সমষ্টিৰ ধনশিৰি মহকুমা আৰু মৰঙিত সৰ্বমুঠ ৩২ খন গাওঁপঞ্চায়ত আছে ৷ সেই গাওঁসমূহৰ ভিতৰুৱা অঞ্চলৰ যিটো অতি জৰাজীৰ্ণ পথ এতিয়াও যাতায়তৰ সুচল হোৱা নাই সেই জৰাজীৰ্ণ পথ সমূহ পৰ্যায়ক্ৰমে চেণ্ডগ্ৰেভেলৰ দ্বাৰা মেৰামতি কৰি যাব বুলি জানিবলৈ দিয়ে জীৱন চুতীয়াই ৷ আনহাতে এই মেৰামতি কাৰ্যই প্ৰায় অৰ্ধশতাধিক গাঁৱৰ লোকৰ, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ যাতায়তৰ ক্ষেত্ৰত বিশেষ সুবিধা হব বুলি স্থানীয় ৰাইজে মন্তব্য কৰে ৷ জীৱন চুতীয়াই লোৱা এই পদক্ষেপক সকলোয়ে একেমুখে শলাগ লয়