সৰুপথাৰৰ ৩২ টা পঞ্চায়তত ৩২ টা অতি জৰাজীৰ্ণ পথ ব্যক্তিগত উদ্যোগত মেৰামতিৰৰ লক্ষ্য কোনে ল’লে ?

ডিজিটেল ডেস্কঃ সুচল পথ সুচল যাতায়ত শ্লোগানেৰে সৰুপথাৰ সমষ্টিৰ ৩২ টা পঞ্চায়তৰ ৩২ অতিজৰাজীৰ্ণ আৰু কেইবাখনো গাঁৱক সংযোগী কৰা পথ মেৰামতিৰ লক্ষ্য লৈছিল সৰুপথাৰৰ সমাজকৰ্মী জীৱন চুতীয়াই ৷ গান্ধীজয়ন্তীৰ দিনাই আৰম্ভ কৰা উক্ত ব্যতিক্ৰমী কাৰ্যসুচীৰ অংশ হিচাপে দেওবাৰে গেলাবিল পঞ্চায়তৰ অন্তৰ্গত নাহৰবাৰীৰ পৰা সৰুপাভজান সংযোগী দ্বিতীয়টো পথ মেৰামতি কৰে । গাঁওবাসীৰ উপস্থিতিত জীৱন চুতীয়াই নাৰিকল ভাঙি পথটোৰ মেৰামতিৰ কামৰ আৰম্ভ কৰে ৷ প্ৰায় ১০০ বছৰ গৰকা উক্তপথটোত কোনাধৰণৰ নিৰ্মাণ তথা মেৰামতিৰ কাম আজিলৈকে নোহোৱাৰ অভিযোগ তুলিছে ৰাইজে ৷ আনহাতে, জীৱন চুতীয়াৰ এই পদক্ষেপক উক্ত পথেৰে অহাযোৱা কৰা প্ৰত্যেকজন ব্যক্তিয়ে শলাগ লোৱাৰ উপৰিও ধন্যবাদ জ্ঞাপন কৰিছে ৷ এই কাৰ্যসুচীত বিজেপি বৰপথাৰ মণ্ডলৰ সভাপতি চম্পৰ ৰায়, সম্পাদক শান্তনু ফুকন, জ্যেষ্ঠ বিজেপি নেতা জগত বুঢ়াগোঁহাই, অবিচি মৰ্চাৰ জিলা সম্পাদক জ্যোতিৰঞ্জন বৰা, প্ৰাক্তন পৌৰপতি বিপ্লৱ শৰ্মা, লক্ষ্য শইকীয়াকে প্ৰমুখ্যে কৰি বহুলোক উপস্থিত থাকে ৷

Comments (0)
Add Comment