দেওবাৰে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে সংবাদমেলৰ জড়িয়তে দুলীয়াজানত অনুষ্ঠিত হব লগা সদৌ অসম ছাত্র সন্থাৰ সপ্তদশ অধিবেশনৰ দিন ঘোষণা কৰে । অহা ১৮, ১৯, ২০ আৰু ২১ নবেম্বৰত চাৰিদিনীয়াকৈ দুলীয়াজান মহাবিদ্যালয় খেলপথাৰ, ছলাকটকী ৰাজহুৱা খেলপথাৰ আৰু দুলীয়াজান বালিকা বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হব আছুৰ অধিবেশন। দুলীয়াজানৰ কমলাবাৰী পথত অৱস্থিত দুলীয়াজান আঞ্চলিক ছাত্র সন্থাৰ কাৰ্য্যলয়ত অনুষ্ঠিত হোৱা এক সংবাদমেলত এই কথা অৱগত কৰে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে । ঐতিহাসিক বেৰী হোৱাইট মেডিকেল স্কুলৰ আৰ্হিত অস্থায়ীভাৱে নিৰ্মাণ কৰিব অতিথিশালা আৰু জ্যোতি বাটচ’ৰাৰ আৰ্হিত মূল তোৰণ নিৰ্মাণ কৰা হ’ব বুলি সংবাদমেলত আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে জানিবলৈ দিয়ে ।