বঙাইগাঁও আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় বৃহৎ পৰিমানৰ ধন।

SI কেলেংকাৰীৰ লগত জড়িত ৰুবুল হাজৰিকাৰ ঘনিষ্ঠক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

SI কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰা লোক জন বঙাইগাঁও জিলাৰ ৰূপম দাস।

আজি ৰাতিপুৱা ৩:৩০ মান বজাত বঙাঈগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰূপম দাসক।

ৰূপম দাসৰ শহুৰেক তৰণী বনিক্যৰ ঘৰত অভিযান আৰক্ষীৰ।

উল্লেখ্য যে কালি নলবাৰীৰ পৰা ৰুবুল হাজৰিকাক আৰু আজি ৰূপম দাসক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

বঙাইগাঁও আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় বৃহৎ পৰিমানৰ ধন।

তৰণী বনিক্যৰ ঘৰ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বড়িগাওত।

Comments (0)
Add Comment