আজি পুৱা বৰপথাৰ জামুগুৰি সংযোগী পথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। গোলাঘাটৰ পৰা বৰপথাৰ অভিমুখে আহি থকা ব্ৰয়লাৰ ভৰ্তি AS-10-C-7988 নম্বৰৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে। ফলত থিতাতে নিহত হয় এজন ব্য়ক্তিৰ। নিহত ব্য়ক্তিজন এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। উল্লেখ্য যে, গাড়ীখনত মুঠ ৫ জন ব্য়ক্তি আছিল। ইয়াৰে তিনিজন গুৰুত্বৰভাৱে আহত হয় আৰু চালকজন বৰ্তমান পলাটক অৱস্থাত আছে।
আহত তিনিজনক বৰপথাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা প্ৰদান কৰা হৈছে আৰু নিহত লোকজনক গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।