Daily Time Axom

এইবাৰ দুৰ্গাপূজাত কি কি নিয়ম পালন কৰিব লাগিব আপুনি!

0 10

দুৰ্গা পূজা উদযাপনত আপুনি কি কি নিয়ম মানিব লাগিব স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ নীতি-নিয়মৰ কথা অৱগত কৰে সংবাদ মাধ্যমত

  • প্ৰশাসনৰ পৰা পূজা পাতিবলৈ অনুমতি লব লাগিব ।
  • মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক।
  • দুৰ্গা পূজাত পুৰোহিত, স্বেচ্ছাসেৱক, পূজা কমিতিৰ সকলো লােকে পঞ্চমীৰ দিনা কৰিব লাগিব ক’ৰণা টেষ্ট।
  • প্ৰতিমা বিসৰ্জনৰ পিছত পুনৰ কভিড টেষ্ট কৰাটো বাধ্যতামূলক।
  • নিশা ১০ বজাত বন্ধ কৰিব লাগিব পূজা মণ্ডপ।
  • পূজাৰ দিন কেইটাত দুচকীয়া বাহনত দুজন পুৰুষ উঠাত বাধা প্ৰদান কৰিছে।
  • সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব। কিন্তু আৰতি অনুষ্ঠান উদযাপনত কোনো বাধা নাই।
  • মণ্ডপৰ ভিতৰত একে সময়তে ৫০ জনতকৈ অধিক ব্যক্তি প্ৰৱেশ কৰিব নোৱাৰিব।
  • নিশা ৯ বজাৰ পাছত কোনো হোটেল, ৰেষ্টুৰেন্ট খোলা ৰাখিব নোৱাৰিব।
  • দেৱী বিসৰ্জনৰ সময়ত দেৱী প্ৰতিমাৰ সৈতে সমদল কৰিব নোৱাৰিব।
  • দুই তিনি দিনলৈ বিসৰ্জনৰ ব্যৱস্থা কৰিব প্ৰশাসনে।

Leave A Reply

Your email address will not be published.