গোলাঘাট নগৰত বাঘৰ আতংক
গোলাঘাটবাসী এতিয়া সৱধান। নিশা হলেই বাঘে সন্ত্ৰাস চলাই গোলাঘাট নগৰৰ মাজমজিয়াত। আক্ৰমণৰ লক্ষ্য কৰি লৈছে পোহনীয়া জীব জন্তু। যোৱা নিশা গোলাঘাট নগৰৰ ৰংপুৰত উপেন গগৈ নামৰ লোক জনৰ ঘৰত বাঘে প্ৰৱেশ কৰি গৰাকীৰ পোহনীয়া কুকুৰটোক আক্ৰমণ কৰি গুৰুত্বৰ ভাবে আহত কৰে। পাছত ঘৰৰ গৃহস্থই সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰি হুলস্থুল কৰাত বাঘটো সেই স্থানৰ পৰা পলাই যায়। ইতিমধ্যে বন বিভাগৰ লোকে সমগ্ৰ ঘটনা অনুসন্ধান অব্যাহত ৰাখিছে যদিও নগৰ মাজমজীয়াত ঘন জনবসতি হোৱাৰ বাবে বাঘটো ধৰিবলৈ পিঞ্জৰা স্থাপনৰ বাবে কিছু অসুবিধাৰ সন্মুখীন হৈছে। বন বিভাগৰ লোকে জনোৱা মতে গোলাঘাট নগৰৰ কাষৰীয়া চাহ বাগিচাৰ পৰাই এই বাঘটো নগৰত প্ৰৱেশ কৰিছে আৰু প্ৰাপ্তবয়স্ক নাহৰফুটুকী বাঘ বুলি ভৰিৰ খোজৰ পৰা অনুমান কৰি জানিবলৈ দিছে। আনহাতে বাঘৰ আতংকৰ খবৰ বিয়পি পৰাৰ লগে লগেই এতিয়া তীব্ৰ আতংকত ভুগীছে গোলাঘাট নগৰবাসী।