Daily Time Axom

ডুমডুমাত মৰাণ জনগোষ্ঠীয় কেইবাটাও সংগঠনৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

0 11

ডুমডুমাক মহকুমা ঘোষণা, ডুমডুমা মহাবিদ্যালয়ৰ বিজ্ঞান শাখা চৰকাৰীকৰণ কৰা, অনন্ত নলা (ডাঙৰী নদী)ৰ বান গৰা-খহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰা, কৰদৈগুৰিত চৰকাৰী হাস্পতাল নিৰ্মাণ কৰা, ডুমডুমাত মহিলা মহাবিদ্যালয়, কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান স্থাপন কৰা, ডুমডুমা কনিষ্ঠ মহাবিদ্যালয় চৰকাৰীকৰণৰ ব্যৱস্থা কৰা, ডুমডুমা নগৰত এটা ব্লাড বেংক স্থাপন কৰাৰ লগতে ডুমডুমাত এখন আইন মহাবিদ্যালয় স্থাপন কৰাৰ দাবীৰে আজি ডুমডুমাত মৰাণ জনগোষ্ঠীয় কেইবাটাও সংগঠনৰ তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হ’য় ।

অসম মৰাণ সভা, মৰাণ ছাত্ৰ সন্থা, মৰাণ জাতীয় মহিলা পৰিষদ, মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ ডুমডুমা আৰু তালাপ কৰদৈগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ডুমডুমা অঞ্চলৰ বিভিন্ন দল-সংগঠনৰ সহযোগত ডুমডুমা গান্ধী মূৰ্তি সমীপত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

স্বাধীনতাৰ ৭৩ বছৰৰ পাছতো কোনো এখন চৰকাৰে ডুমডুমা অঞ্চলটোৰ উন্নয়ণৰ ক্ষেত্ৰত কোনোধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰে প্ৰতিবাদী সংগঠন সমূহে । প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত ডুমডুমা ৰাহজ চক্ৰ বিষয়াৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী তথা জল সম্পদ মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

Leave A Reply

Your email address will not be published.