অনুৰাগ বাসুৰ LUDO Trailor চাই চুপাৰষ্টাৰ আমীৰ খানৰ টুইট
অহা নৱেম্বৰৰ ১2 তাৰিখে জনপ্ৰিয় পৰিচালক অনুৰাগ বাসুৰ মুক্তি পাবলগীয়া বহু প্ৰত্যাশিত LUDO ৰ Trailor য়ে বিপুল জনপ্ৰিয়তা লাভ কৰিছে ৷ অভিষেক বচ্চন, ৰাজকুমাৰ ৰাও, আদিত্য ৰয় কাপুৰ আৰু ৰোহিত চৰফৰ দ্বাৰা অভিনীত ৪ টা মূল চৰিত্ৰৰ ছবিখন সন্দৰ্ভত কেইবাজনো চেলিব্ৰেটীৰ লগতে চুপাৰষ্টাৰ আমীৰ খানে পৰিচালক অনুৰাগ বাসুক প্ৰশংসাৰে ওপচাই দিছে ৷ সদায় সুকীয়া বিষয়বস্তুৰ ওপৰত চিনমা নিৰ্মাণ কৰি ভালপোৱা বাসুয়ে এইবাৰ বিজ্ঞানৰ এটা বিশেষ সুত্ৰ BUTTERFLY EFFECT ক লৈ LUDO শীৰ্ষক ছবিখন নিৰ্মাণ কৰিছে ৷