আজি দুটাকৈ উদ্যাগৰ ভূমি পূজন কৰে মুখ্যমন্ত্ৰী সৰ্ৱানন্দ সোনোৱালে ৷
গোলাঘাটৰ খুমটাই সমষ্টিত আজি দুটাকৈ উদ্যাগৰ ভূমি পূজন কৰে মুখ্যমন্ত্ৰী সৰ্ৱানন্দ সোনোৱালে ৷ ১৯৭৯ চনত স্থাপন হোৱা ঐতিহাসিক দাবীডুবি সূতাঁ কলৰ মাটিত স্থাপন হ’ব অগৰৰ আন্তৰাষ্ট্ৰীয় বাণিজ্যিক কেন্দ্ৰ আৰু NRLৰ গেছ প্ৰকল্প স্থাপন হ’ব ৷চৰকাৰৰ পৰা ৩৬০ বিঘা মাটি লিজত লৈ এই প্ৰকল্পটো নিৰ্মাণ কৰিব শোধনাগাৰ কৰ্তৃপক্ষই।
এই প্ৰকল্পটোত এল পি জি ৰ বটলিং আৰু ষ্টৰ কৰা হ’ব ৷ উক্ত দুয়োটা অনুষ্ঠানতে চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা আৰু স্থানীয় বিধায়ক মৃণাল শইকীয়াৰ লগতে NRL ৰ বহু কেইজন বিষয়ববিয়া উপস্থিত থাকে ৷ দুয়োটা উদ্যাগ স্থাপনে সমগ্ৰ অসমৰ উদ্যাগ ক্ষেত্ৰত উন্নয়নৰ সঞ্জাৰ কৰিব।