দুলীয়াজানত সদৌ অসম ছাত্ৰ সন্থাৰ অধিবেশনৰ লাইখুঁটা স্থাপন।
১৮, ১৯ ,২০, ২১ নৱেম্বৰ তাৰিখে চাৰিদিনীয়া কাৰ্যসূচীৰে তৈলনগৰী দুলীয়াজানত অনুষ্ঠিত হব সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ অধিবেশন। সেই মৰ্মে দূলিয়াজানৰ চলাকটকী ৰাজহুৱা খেলপথাৰত আজি সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিৱেশনখনৰ মূল মণ্ডপৰ লাইখুটা স্থাপন কাৰ্যসূচী ৰূপায়ণ কৰে । ৯ জোৰা গায়ন বায়নে শুভাৰম্ভ কৰা এই কাৰ্যসূচীত মূল মণ্ডপৰ লাই খুটা স্থাপন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে । এই অনুষ্ঠানত কেইবাটাও সাংস্কৃতিক গোষ্ঠীয়ে নিজৰ নিজৰ জনজাতিয় সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে। লগতে লাইখুঁটা স্থাপন অনুষ্ঠানত দুলীয়াজানৰ বহু কেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।